বঢ়মপুৰঃ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰ বিধানসভা সমষ্টিৰ বহু কংগ্ৰেছ আৰু বিজেপি দলৰ নেতা-কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰে৷ দেওবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰায় শতাধিক লোকে কংগ্ৰেছ আৰু বিজেপি ত্যাগ কৰি অসম গণ পৰিষদত যোগ দিয়া কাৰ্যক আমাৰ দলৰ বাবে এক শুভ লক্ষণ বুলি কয় মহন্তই৷ মই তেওঁলোকক আদৰণি জনাইছো আৰু ভৱিষ্যতে সকলোৱে একেটা পৰিয়ালৰ হৈ সমিল-মিলেৰে কাম কৰি যাম বুলি মহন্তই মন্তব্য আগবঢ়ায়৷
জানিব পৰা মতে, মহন্তই নৱ সুৰুয যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কাবাডী প্ৰতিযোগিতা উদ্ধোধন কৰিব গৈছিল মহন্তই৷ যাৰ বাবে অনুষ্ঠিত হৈছিল এখন সভা৷