কামপুৰঃ তেজ দি বন্ধ কৰিব টোলগেট৷ অসমক কোনো কাৰণত টোলগেট বহুৱাব দিয়া নহ’ব৷ এই হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ৷ এনেদৰে টোলগেটৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজ দি হলেও টোলগেট বন্ধ কৰিব কৃষক মুক্তিয়ে। চৰকাৰে পুৰ্বৰ টোলগেট সক্ৰিয় কৰাৰ ৬-৭০ কিঃ মিটাৰৰ মুৰে মুৰে টোলগেট বহুৱাই ৰাইজৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ বাবে তৎপৰ হৈ পৰিছে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই কামপুৰত সাংবাদিকৰ সৈতে মুখামুখি হৈ এই মন্তব্য প্ৰকাশ কৰে৷ জাতি, মাটি, ভেটিৰ কথা কোৱা চৰকাৰ খনে প্ৰকৃততে জাতি, মাটি, ভেটিৰ বাবে কাম কৰক। অন্যথাই উচিত শাক্ষা পাব চৰকাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজু বৰাই৷ ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ প্ৰৱন্ধক ৰাজ চক্ৰৱতীয়ে অসমৰ টোলগেট সমূহ খোলাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।