গুৱাহাটীঃ গুৱাহাটীৰ হেম বৰুৱা ৰোডত থকা শ্ৰী মাৰোৱাৰী হিন্দী পুস্তকালয়ে আগ্ৰা স্থিত কেন্দ্ৰীয় হিন্দী সংস্থাৰ লগত একেলগে লগ হৈ আয়োজন কৰিছে ‘পূৰ্ৱোত্তৰ ভাৰতত হিন্দীৰ প্ৰসাৰ, প্ৰচাৰ আৰু বিকাশ তথা সাংস্কৃতিক মন্ত্ৰালয়’ৰ বিষয়ৰ ওপৰত এখনি এদিনীয়া কৰ্মশালা৷
ছাত্ৰীবাৰী স্থিত লায়ঞ্চ অ’ডিটৰিয়ামত অহা ২৯ অক্টোবৰত এই কৰ্মশালাখন অনুষ্ঠিত হ’ব৷ য’ত উপস্থিত থাকিব ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিক্ষাবিদ তথা লেখক লেখিকা সকল৷ তেওঁলোকৰ ভিতৰত বিশিষ্ট লেখক ৰমা শংকৰ ঝা, পাণ্ডু কলেজৰ হিন্দী বিভাগৰ মুৰব্বী ৰবি শংকৰ, কেন্দ্ৰীয় নবোদয় বিদ্যালয়ৰ উপদেষ্ঠা, কটন বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী আদি বিশেষভাৱে উল্লেখযোগ্য৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই বিষয়ে সবিশেষ জনায় শ্ৰী মাৰোৱাৰী হিন্দী পুস্তকালয়ৰ সচিব সৌৰভ বোথৰাই৷