যোৰহাটঃ অসমীয়া জাতিৰ সংকট কালত জাতীটোৰ ওচৰত থিয় দি সংকট মোচন থকা সংকটৰ পৰা উদ্ধাৰৰ স্বাৰ্থত আজিৰ পৰা প্ৰায় এবছৰ পুৰ্বে ৰাজ্যত ভূমিষ্ঠ হৈছিল অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ নামৰ এটি সংগঠনৰ৷ ৰাজ্যৰ কেবাগৰাকী যুৱকে একত্ৰিত হৈ জন্ম দিয়া সংগঠনটোৱে বিগত এটা বছৰত অসমৰ প্ৰতিটো সমস্যাৰ হৈ মাত দি আহিছে৷ চৰকাৰৰ জনবিৰোধি নীতি, অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে ১৯৫১চনক ভিত্তিবৰ্ষ হিচাপে লোৱা, হিন্দু বাংলাদেশী সংস্থাপন, তৈল খাদ নিলাম আদি বিষয়ত নেৰানেপেৰা আন্দোলন কৰি আহিছে সংগঠনটোৱে৷
এবছৰতে জনসাধৰণৰ আস্থাত সোমাই পৰিছে সংগনটোৱে৷ সংগঠনটোৱে অহা ২৭ নৱেম্বৰত যোৰহাটত জিলাৰ পূৱ টিয়কৰ ৰূপজ্যোতি কলামণ্ডল প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰিব৷ জাতিৰ অস্বিত্ব ৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু অধিকাৰক প্ৰাধান্য দি আপোচবিহীন ভাবে অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজে সংগ্ৰাম কৰি গৈছে৷ তাৰ মাজতে এবছৰ সম্পৰ্ণ কৰা সংগঠনটোৰ নেতা-কৰ্মীয়ে উৎফুল্লীত হৈ পৰিছে৷ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি ২৭ নৱেম্বৰৰ পুৱা ৫ বজাত সামূহিক চাফাই অভিযানেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰা হ’ব৷ ৫.৩০ বজাত কেন্দ্ৰীয় উপদেষ্টা মেৰেণ দিহীঙ্গীয়াই বৃক্ষৰোপন কৰিব।