চৰাইদেউঃ তেওলোকৰ সন্তানৰ কান্দোন শুনিব কোনো৷ তেওলোকে এদিন কাম নকৰিলে এখাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ মালিকৰ বঞ্চনাৰ বিৰুদ্ধে নিজৰ প্ৰাপ্যৰ বাবে তেওলোকে প্ৰতিবাদ কৰিব লগা হ’য়৷ তেওলোক দৰিদ্ৰ শ্ৰমিক৷ তেওলোকক ন্যায় দিব কোনো৷ একাংশ লোক ৰঙত বিভোৰ হৈ থকাৰ বিপৰীতে আন একাংশ লোকে মুখ শুকাই থাকিব লগা হয়৷
এখাজ ভাত, এটুপি বিশুদ্ধ পানীৰ বাবে ককবকাব লগা হয়৷ শ্ৰমিক তথা দৰিদ্ৰ হোৱাটোৱে কিমান বিৰম্বনা তেওলোকে হে জানে৷ তেওলোকক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে দেশদ্ৰোহী সজাব বিছাৰে৷ শ্ৰমিকৰ কথা শুনিবলৈ নাথাকে কোনো লোক৷ সন্তানে লঘোণত কন্দা কটা কৰিব লগা হয়৷ যদিও চাওতা কোনো নাই৷ ৰ’দ, বৰষুণ একাকাৰ কৰি শ্ৰম কৰা লোকসকলৰ ন্যায়ৰ হকে যুজ দিবলৈ একাংশ লোক ওলাই আহে যদিও সেয়াও স্বাৰ্থত৷