হাফলঙৰ সৌন্দৰ্যৰ সৈতে মিলিত হওঁক অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ অধিৱেশনত

Home গুৱাহাটীহাফলঙৰ সৌন্দৰ্যৰ সৈতে মিলিত হওঁক অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ অধিৱেশনত

হাফলঙৰ সৌন্দৰ্যৰ সৈতে মিলিত হওঁক অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ অধিৱেশনত

by News Desk
71 views
A+A-
Reset

গুৱাহাটীঃ প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱ-বৈচিত্ৰৰ ফালৰ পৰা অসম এখন চহকী দেশ৷ কিন্তু পৰ্যটনৰ ক্ষেত্ৰত এতিয়াও সিমান দূৰ আগবাঢ়িব পৰা নাই অসমে৷ ভাৰতৰ অন্য প্ৰান্তৰ দৰে পৰ্যটনৰ ক্ষেত্ৰত আগুৱাবলৈ অসম চৰকাৰ তথা প্ৰশাসনে গ্ৰহন কৰিছে নিত্য নতুন পদক্ষেপ৷ ইয়াৰ লগতে সমানে সহায়ক হৈছে অসম ট্যুৰ অপাৰেটৰছ সন্থা৷ অসমক বিশ্বৰ দৰবাৰত চিনাকী কৰাই দিবলৈ এই সন্থায়ো কৰিছে অহোপুৰোষাৰ্থ৷ এই লক্ষ্য আগত ৰাখিয়ে প্ৰত্যেক বছৰে কৰি আহিছে বাৰ্ষিক অধিৱেশন৷ এইবাৰো অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া বাৰ্ষিক অধিৱেশন খনৰ কাৰণে ঠাই নিৰ্বচন কৰিছে অসমৰ সকলোতকৈ ওখ ঠাই হাফলং৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই অধিৱেশন খনৰ বিষয়ে সবিশেষ জনায় অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ সভাপতি শচীন গোস্বামীয়ে৷ তেওঁ জনায় যে এই অষ্টম বাৰ্ষিক অধিৱেশন খনৰ সাধাৰণ সভা খন হ’ব ২৬ অক্টোবৰত আৰু ২৭ অক্টোবৰত হ’ব ‘ডেষ্টিনে’শ্বন ডিমা হাছাও-ইন’ভেশ্বন, পাৰ্টনাৰশ্বীপ এণ্ড শ্বেয়াৰিং’  শীৰ্ষক এক বিশেষ বৈঠকো৷ উক্ত সভাত বিশিষ্ট অথিতি হিচাপে উপস্থিত থাকিব পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, পৰিচালন সঞ্চালক আদি৷ প্ৰেছ ক্লাবত অনুষ্ঠিত সভা খনত অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ সভাপতিৰ লগতে উপস্থিত থাকে সম্পাদক কুলদীপ শৰ্মা, সহ-সম্পাদক হেমন্ত দাস, উপদেষ্ঠা ৰঞ্জিত দাস আৰু লগতে উপ সভাপতি চন্দন নাথ৷ 
 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0