কাজিৰঙাঃ গোলাঘাট জিলা কবি সন্মিলনৰ এখন বিশেষ সভা বৃহস্পতিবাৰে কাজিৰঙা মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয়। সাহিত্যিক তৰুণ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰে ঋতুপৰ্ণ তামূলীয়ে৷
সভাত উপস্থিত থাকে কাজিৰঙাৰ পদ্ম গগৈ, ৰুপজ্যোতি শয়কীয়া গগৈ, গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহা, গোলাঘাট জিলা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, গোলাঘাট জিলা কবি সন্মিলনৰ কাৰ্যবাহী সদস্যা অজন্তা তালুকদাৰে প্ৰমুখ্য কৰি কেইবাগৰাকী কাজিৰঙাৰ সাহিত্যানুৰাগী৷