বোকাজানঃ অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কাৰ্বি আংলং জিলা আহ্বায়ক সমিতিৰ উদ্যোগত দেওবাৰে হাওৰাঘাটৰ নগৰ সমিতিৰ সভাকক্ষত এখন সভা অনষ্ঠিত হয়৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ শতাধিক লোকৰ উপস্থিতিত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে ৰাজ্যৰ বিভিন্ন সমস্যা তথা সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷
সভাত সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ দেৱজিত ভৰালীয়ে সাম্প্ৰতিক ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নৱ প্ৰজন্মৰ দায়িত্ব থকা বুলি কয়৷ বিদেশী বঙালে কোঙা কৰা অসম ভূমিত এতিয়া অসমৰ সমূহ খিলঞ্জীয়া বৃহত্তৰ অসমৰ স্বাৰ্থত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কেৱল মাত্ৰ অসমীয়াৰ পৰিচয়েৰে ওলাই আহিবলৈ আহ্বান জনায়৷