গোলকগঞ্জঃ বৰাকৰ পৰা ব্ৰক্ষপুত্ৰলৈ আৰু ধুবুৰীৰ পৰা শদিয়ালৈ সকলোকে স-মৰ্যাদা আৰু সম বিকাশ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবালে প্ৰতিশ্ৰুতি দিলেও অসমত একমাত্র পৰিবৰ্তনৰ নামত সোণোৱালৰ বুলেট প্ৰুফ গাড়ী আৰু ঘৰ হ’ল৷ এই মন্তব্য আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ। বুধবাৰে গোলকগঞ্জত আমছুৱে অনুষ্ঠিত কৰে এখন বিশাল সভাত চৰকাৰক এনেদৰে সমালোচানা কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ তিনিটকীয়া চাউল নোহোৱা হ’ল বুলিও কয়।
সাধাৰণ ৰাইজৰ ৰাস্তা-ঘাটৰ উন্নয়ন নাই, চিকিৎসালয়ত চিকিৎসক নাই, বিদ্যালয়ত শিক্ষক নাই সেয়েহে সৰ্বানন্দই মানুহৰ উন্নয়ন কৰিব নোৱাৰি মোডী আৰু আৰএছএছৰ ওচৰত আঠু কাঢ়ি বৰ্তমান হিন্দু-মুছলমানৰ মাজত বিভাজনৰ বাবে চেষ্টা কৰা গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ হিন্দু-মুছলমানে অসম আগবঢ়াই লৈ যাম বুলিও ৰেজাউল কৰিম সৰকাৰে কয়। বিদেশীৰ নামত আটাইতকৈ অত্যাচাৰিত হৈছে সংখ্যালঘু জনগোষ্ঠী। কোচৰাজবংশী আৰু বেংগলীয়ে সম্প্ৰদায়ো কিছু পৰিমাণে অত্যাচাৰিত হৈ আহিছে। বিদেশীৰ নামত যাতে আৰু অত্যাচাৰৰ সন্মুখিন হব নালাগে তাৰ বাবে চাৰিজন মানুহ পুলিচৰ গুলীত মৰাৰ পিছতো শুদ্ধ নাগৰিক পঞ্জী অসম চৰকাৰৰ পৰা বিচাৰিছে বুলি কয় আমছুৱে।