গোৰেশ্বৰঃ বেংকৰ ভিতৰত বহি আছিল এগৰাকী মহিলা৷ মহিলাগৰাকীৰ ওচৰলৈ আহিল দুজন যুৱক৷ দুজন যুৱকে মহিলাগৰাকীক কলে বাইদেউ আপোনাৰ ওচৰত দহ টকীয়া নোট পৰি আছে৷ মহিলাগৰাকীয়ে মুৰটো তলৰ ফালে কৰি ইফাল সিফাল চাই নোট দেখা নাপায় পুনৰ তেওৰ কামত ব্যস্ত হৈ পৰে৷ কিছু সময় পিছতে মহিলাগৰাকীয়ে তেওৰ সৈতে থকা বেগটো থোৱা ঠাইত প্ৰত্যক্ষ নকৰি হুৱাদুৱা লগায়৷
এই ঘটনা সংঘটিত হৈছে বাক্সাৰ গোৰেশ্বৰত৷ বাক্সা জিলাৰ গোৰেশ্বৰত চোৰৰ তাণ্ডৱ বৃদ্ধি পাই অহা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অভিনৱ কৌশলৰে চোৰে বৃহস্পতিবাৰে ইউকো বেংকৰ গোৰেশ্বৰ শাখাত ৰূপালী ব্ৰহ্ম নামৰ চেচাঁপাৰ গাঁৱৰ মহিলা গৰাকীক লুটি নিয়ে৷ দিনৰ ১১ বজাত বেংকটোলৈ বিশেষ কামত আহি টেবুলত বেগ থৈ এখন ফৰ্মত কিবা লিখি থাকোতে দুই যুবক আহি মহিলাগৰাকীৰ কাষত থিয় দিয়ে।