কাজিৰঙাঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ৰাজনৈতিক অভিকেন্দ্ৰ হৈ পৰিছে কাজিৰঙা ৷ ৰাজনৈতিক অস্থিৰতাই নগালেণ্ডত বিৰাজ কৰি থকাৰ সময়তে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি. আৰ. জেলিয়াঙ ৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি জেলিয়াঙক আঁতৰাবলৈ সাংসদ নেফিঅ’ ৰিঅ’ৰ পৃষ্ঠপোষকতাত আৰু নগালেণ্ডৰ গৃহমন্ত্ৰী ৱাই. পাট্টুনৰ নেতৃত্বত ইতিমধ্যেই নাগালেণ্ড পিপুলচ্ ফন্টৰ নেতৃবৰ্গৰ লগতে নগালেণ্ডৰ প্ৰায় ৪০ গৰাকী মন্ত্ৰী-বিধায়কে বাহৰ পাতিছে কাজিৰঙাত ৷
কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টৰ লগতে অন্যান্য পৰ্যটন নিবাস সমূহত বাহৰ পাতি থকা মন্ত্ৰী-বিধায়কসকল আজি নিশা এক বৈঠকত মিলিত হ’ব য’ত নাগালেণ্ডৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰী টি. আৰ. জেলিয়াঙক আঁতৰাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত নাগালেণ্ড পিপ’লছ ফ্ৰ’ণ্টৰ সভাপতি এছ. লিজিৎছু অথবা সাংসদ নেফিঅ’ ৰিঅ’ৰ নাম মন্ত্ৰী-বিধায়কসকলৰ মাজত চৰ্চালৈ আহিছে ৷