গোৱালপাৰাঃ পিতৃ আছিল এজন স্বাধীনতা সংগ্ৰামী৷ ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙিবলৈ স্বাধীনতাৰ ৰণত জঁপিয়াই পৰিছিল পিতৃ৷ নিজৰ প্ৰাণ হাতৰ মুঠিত লৈ তেওঁ স্বাধীনতা সংগ্ৰামীৰ মাজত বাৰ্তা কঢ়িওৱাৰ গুৰুদায়িত্ব বহন কৰিছিল৷ বুকুত বান্ধিছিল ভৱিষ্যৎ প্ৰজন্মক এখন মুকলি আকাশ আৰু স্বাধীন দেশ উপহাৰ দিয়াৰ সপোন৷ তেওঁৰ দৰে অগণন সংগ্ৰামীৰ ত্যাগ আৰু বলিদানৰ বিনিময়ত দেশ স্বাধীন হ’ল৷ কিন্তু কালৰ কি নিষ্ঠুৰ পৰিহাস, সেই মহান স্বাধীনতা সংগ্ৰামীৰ কন্যায়েই আজি বিদেশীৰ ‘কলংক’ মূৰত লৈ আবদ্ধ হৈ আছে কাৰাগাৰৰ বন্ধ কুঠৰীত৷ প্ৰয়াত স্বতন্ত্ৰ সংগ্ৰামীৰ কন্যাগৰাকী সম্প্ৰতি প্ৰায় ৭ মাহৰ অন্তঃসত্বা৷ তৎসত্ত্বেও তেওঁ কাৰাগাৰত যাপন কৰিবলগীয়া হৈছে অকলশৰীয়া এক দুৰ্বিসহ জীৱন৷
দেশৰ স্বাধীনতাক লজ্জানত কৰা এই হৃদয়-বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰাত৷ স্বাধীনতা সংগ্ৰামীৰ দুৰ্ভগীয়া কন্যাগৰাকীৰ নাম ৰশ্মিনাৰা বেগম ,(32) ঘৰ গোৱালপাৰাৰ কৃষাই চাৰিআলিৰ পাইকান দ্বিতীয় খণ্ড গাঁৱত৷ ৰশ্মিনাৰাৰ স্বামী মনিৰুল ইছলাম পেছাত দৰ্জী৷ তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী তিনি কন্যা সন্তান ৰেণুকা, ৰূপছানা আৰু মৰিয়ম৷ মৰমিয়াল তিনিগৰাকী কন্যাক লৈ সুখেৰেই চলি আছিল তেওঁলোকৰ মৰমৰ সংসাৰ৷ কিন্তু হঠাৎ এদিন তেওঁলোকৰ সংসাৰলৈ নামি আহে অমানিশাৰ অন্ধকাৰ৷ দিনটো আছিল বুধ্বাৰ৷ তাৰিখ ২০১৬ চনৰ ৯ নৱেম্বৰ৷ চাৰি মাহৰ অন্তঃসত্বা হোৱা সত্ত্বেও এক বিদেশীৰ গোচৰ সংক্রান্তত সিদিনা তেওঁ উপস্থিত হৈছিল গোৱালপাৰাৰ দুই নং বিদেশী ন্যায়াধীকৰণত৷ ন্যায়াধীকৰণত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ কোৱা হয় যে ন্যায়াধীকৰণৰ সদস্যই তেওঁক বিদেশী বুলি ঘোষণা কৰিছে৷