দুৰ্ঘটনাত পতিত গাড়ীৰ চেপাত ২ ঘন্টা চটফটাই প্ৰাণ গ’ল ব্যৱসায়ীৰ

Home ৰাজ্যদুৰ্ঘটনাত পতিত গাড়ীৰ চেপাত ২ ঘন্টা চটফটাই প্ৰাণ গ’ল ব্যৱসায়ীৰ

দুৰ্ঘটনাত পতিত গাড়ীৰ চেপাত ২ ঘন্টা চটফটাই প্ৰাণ গ’ল ব্যৱসায়ীৰ

by News Desk
145 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত গাছতলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰ ভাবে আহত হয়৷ ডবকা গাছতলাত ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথত এখন ৰখাই থোৱা ট্ৰাকত বলেৰ’ পিকআপ ভানে খুন্দা মৰাৰ ফলত মইনুল হক নামৰ লোকজনে চেপাত আৱদ্ধ হৈ প্ৰায় দুই ঘন্টা চটফটাই মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, ডবকা গাছতলাত WB-19-G-6814 নম্বৰৰ ট্ৰাক খন পথৰ দাতিত ৰখাই চালকে চাহ খাবলৈ যায়।

তেনে সময়তে AS-12-AC-0963 নম্বৰৰ তীব্ৰ বেগী এখন বলেৰ’ পিকআপ ভানে ট্ৰাক খনত খুন্দা মাৰে৷ পিক-আপ ভানৰ চালক এনতাজ আলী আৰু ব্যৱসায়ী মইনুল হক গাড়ীৰ চেপাত আৱদ্ধ হৈ পৰে। গাড়ীৰ ভিতৰতেই প্ৰায় দুই ঘণ্টা চটফটাই মৃত্যুৰে যুজ দিয়ে৷ ৰাইজে তথা আৰক্ষীয়ে বহু চেষ্টা কৰিও গাড়ীৰ চেপাত আৱদ্ধ হোৱা মইনুল হকক উদ্ধাৰ কৰিব নোৱাৰাত চটফটাই চেপাত আৱদ্ধ হোৱা ঠাইতে মৃত্যুক আকোৱালি লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0