গোৰেশ্বৰঃ দুগৰাকী যুৱকৰ একান্ত প্ৰচেষ্টাত শুকুৰবাৰে বাক্সা জিলাৰ গোৰেশ্বৰত এটি ক্ষুদ্ৰ উদ্যোগৰ শুভাৰম্ভ কৰা হয়৷ মহৰিপাৰা অঞ্চলৰ দুগৰাকী শিক্ষিত যুৱকৰ উদ্যোগত বিশুদ্ধ খোৱা পানীৰ জাৰ প্লেনৰ ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰা হয়।
এম আৰ ইণ্ডাষ্ট্ৰীৰ “জীৱিকা একোৱা” নামৰ বিশুদ্ধ খোৱা পানীৰ এই জাৰ উদ্যোগটো শুকুৰবাৰে উদ্ধোধন কৰে বিশিষ্ট ব্যৱসায়ী ৰামানন্দ চৌধুৰীয়ে। অঞ্চলটোৰ দুই উদ্যোগী যুৱক ৰমেন কলিতা আৰু মুনিন্দ্ৰ ডেকাৰ প্ৰচেষ্টাত গঢ়ি উঠা এই উদ্যোগটোৰ জৰিয়তে বৃহত্তৰ ৰাইজে সুলভ মূল্যতে খোৱাপানী ক্ৰয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে।