মোৰাঝাৰঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত গাছতলাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰ ভাবে আহত হয়৷ ডবকা গাছতলাত ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথত এখন ৰখাই থোৱা ট্ৰাকত বলেৰ’ পিকআপ ভানে খুন্দা মৰাৰ ফলত মইনুল হক নামৰ লোকজনে চেপাত আৱদ্ধ হৈ প্ৰায় দুই ঘন্টা চটফটাই মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, ডবকা গাছতলাত WB-19-G-6814 নম্বৰৰ ট্ৰাক খন পথৰ দাতিত ৰখাই চালকে চাহ খাবলৈ যায়।
তেনে সময়তে AS-12-AC-0963 নম্বৰৰ তীব্ৰ বেগী এখন বলেৰ’ পিকআপ ভানে ট্ৰাক খনত খুন্দা মাৰে৷ পিক-আপ ভানৰ চালক এনতাজ আলী আৰু ব্যৱসায়ী মইনুল হক গাড়ীৰ চেপাত আৱদ্ধ হৈ পৰে। গাড়ীৰ ভিতৰতেই প্ৰায় দুই ঘণ্টা চটফটাই মৃত্যুৰে যুজ দিয়ে৷ ৰাইজে তথা আৰক্ষীয়ে বহু চেষ্টা কৰিও গাড়ীৰ চেপাত আৱদ্ধ হোৱা মইনুল হকক উদ্ধাৰ কৰিব নোৱাৰাত চটফটাই চেপাত আৱদ্ধ হোৱা ঠাইতে মৃত্যুক আকোৱালি লয়৷