ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মহামাৰীৰ ৰূপ লোৱা কেঞ্চাৰ ৰোগত আক্ৰান্ত বহু লোকৰ মৃত্যু হয়। বিশেষকৈ ভাৰত বৰ্ষত এই ৰোগে নিতৌ মানুহৰ প্ৰাণ লয়। বিশেষকৈ অসম তথা উত্তক পূৰ্বাঞ্চলত এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগৰ চিকিৎসা ব্যায় বহুল হোৱাৰ লগতে ঔষধৰ অভাৱে বাৰুকৈয়ে বিপদত পেলাইছিল ৰোগী তথা ৰোগীৰ পৰিয়ালক।
কম খৰচতে নিৰাময় কৰিবৰ বাবে বহু চিন্তা চৰ্চা কৰি পাৰ পোৱা নাই নাছিল চিকিৎসক তথা বিশেষজ্ঞ সকলে৷ দিন ৰাতি এক কৰি পেলাইছে এই ৰোগ বিধক আয়ত্ত কৰাৰ বাবে৷ কর্কট ৰোগক নির্মূল কৰাৰ পৰীক্ষা-নিৰীক্ষাত নিজকে অর্পণ কৰিছে বহু চিকিৎসা বিজ্ঞানীয়ে। তথাপিও এই ৰোগৰ নির্দিষ্ট ঔষধ উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই । পিছে এই সকলো দুশ্চিন্তাৰ পৰা মুক্তি দিলে কমিউনিষ্ট কিউবাই৷