নলবাৰীঃ শাসকীয় দল বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰক্ষেত্ৰী মণ্ডল সমিতি এখন সভা বৰক্ষেত্ৰীৰ বৰতলা শংকৰ সংঘৰ প্ৰাংগনত শনিবাৰে অনুষ্ঠিত হয়। মণ্ডল যুৱ মৰ্চাৰ সভাপতি বনজিত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আতঁ ধৰে সাধাৰণ সম্পাদক প্ৰভাত ডেকাই।
সভাত নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, জিলা যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকা, সাধাৰণ সম্পাদক পংকজ বৰ্মন, ৰুপকুমাৰ শৰ্মা আৰু জিলা অধ্যয়ন কোষৰ আহ্বায়ক প্ৰীতম গোস্বামী সহ কেইবাজনো নেতাৰ লগতে দুই শতাধিক কৰ্মী উপস্থিত থাকে।