বঢ়মপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰ আৰু চামগুৰিত হাতী-মানুহৰ সংঘাট অব্যাহত আছে৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে বঢ়মপুৰ আৰু চামগুৰিত তাণ্ডৱ অব্যাহত ৰখাৰ ফলত নিদ্ৰাহৰণ হয় শ-শ পৰিয়ালৰ। তাৰ মাজতে চামগুৰিৰ শিঙীয়া মাজৰআতিত সোমবাৰে বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই৷
৮-৯ জনীয়া হাতীৰ জাকে ভাঙি পেলায় দ্বীপেন শইকীয়া নামৰ এজন লোকৰ পকী ঘৰ। তিনিমাহৰ ভিতৰতে দ্বিতীয়বাৰ হাতীয়ে ভাঙে দ্বীপেন শইকীয়া নামৰ লোকজনৰ পকীঘৰ। অসুৰক্ষিত লোকজনে নিজৰ জীৱন আৰু পৰিয়ালৰ সদস্যৰ জীৱনৰ সুৰক্ষাৰ বাবে ঘৰ বাৰী ত্যাগ কৰি আন ঠাইলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে দ্বীপেন শইকীয়াই। চামগুৰিৰ শিঙীয়া অঞ্চলত এতিয়া নিতৌ এনেদেৰে দৰিদ্ৰ কৃষকৰ খেতি পথাৰ তহিলং কৰাৰ লগতে ঘৰ-বৰ ভাঙি আহিছে৷