নলবাৰীঃ নলবাৰী-মুকালমুৱা-ৰামপুৰ পথত পৰিবহন নিগমৰ বাছ সেৱা উপলদ্ধ কৰাৰ দাবীত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰিলে স্মাৰক পত্ৰ। নলবাৰী জিলাৰ অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ মুকালমুৱা আৰু ৰামপুৰৰ পৰা নলবাৰী সদৰলৈ যাত্ৰীবাহী বাছৰ অভাৱত ৰাইজে হাহাকাৰ কৰিব লগা হয়৷
নলবাৰী সদৰলৈ আহ-যাহ কৰাত মুকালমুৱা আৰু ৰামপুৰৰ লোকে দুৰ্ভোগ ভুগি আহিছে। অতি ব্যস্ত পথ দুটা মুকালমুৱা আৰু ৰামপুৰৰ সকলো শ্ৰেণীৰ লোকে উপকৃত হ’ব পৰাকৈ ৰামপুৰ আৰু মুকালমুৱাত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান উপলব্ধ কৰি নলবাৰীলৈ যাতায়ত ব্যৱস্থা সুচল কৰাৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ৷