মাৰ্ঘেৰিটাঃ ভূগৰ্ভৰ পৰা বাণিজ্যিক পৰ্যায়ত আকৰ আহৰণ কৰা কেইবাটাও কোম্পানীয়ে অসম-নাগালেণ্ড সীমান্তৰ পাহাৰৰ বুকু খুলি খাই থকাৰ অভিযোগ আজিৰ নহয়৷ গোপনে দূৰ্গম অঞ্চলত থিতাপি লৈ চৰকাৰৰ সম্পূৰ্ণ সহযোগ তথা অনুমতি লৈ কয়লা খনন কৰি অহা কোম্পানীয়ে অবাধে সেউজীয়া পাহাৰ এফালৰ পৰা ধ্বংস কৰি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
চৰকাৰে বান্ধি দিয়া নীতি নিয়ম উলংঘা কৰি তথা পৰিসৰৰ বাহিৰত ধ্বংস যজ্ঞ চলাই গৈছে সেউজীয়া পাহাৰত৷ কোম্পানীয়ে এনে ধৰণৰ ধ্বংস চলাই গৈছে সকলোকে লগত লৈ৷ দিল্লীৰ চৰকাৰ দিছপুৰৰ চৰকাৰ, দুই তিনিগৰাকী অসম-অৰুণাচলৰ বিধায়ক, অসম আৰু অৰুণাচলৰ উগ্ৰপন্থীক হাতত লৈ এই কাৰ্য সংঘটিত কৰিছে কোম্পানী সমূহে৷