Home ৰাজ্যআছুৰ কাৰ্যালয়ৰ ফটো-ভিডিঅ’ আপলোড কৰা জ্ঞানেনক চাকৰিৰ পৰা নিলম্বন

আছুৰ কাৰ্যালয়ৰ ফটো-ভিডিঅ’ আপলোড কৰা জ্ঞানেনক চাকৰিৰ পৰা নিলম্বন

by News Desk
76 views
A+A-
Reset

গুৱাহাটীঃ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত আছুৰ কাৰ্যালয়ৰ ভিতৰৰ কেই খনমান ফটো আৰু এটি ভিডিঅ’ নিজৰ ফেচবুক টাইমলাইনত আপলোড কৰি জেলৰ ভাত খাইছিল এগৰাকী চক্ৰৱৰ্ত্তী উপাধিৰ থলুৱা লোকে৷ শিক্ষকতা কৰা লোকগৰাকী নলবাৰী জিলাৰ যদিও উক্ত ফটো কেই খন আছিল মৰিগাঁও জিলাৰ জাগীৰোডৰ৷ জাগীৰোডৰ আছু কাৰ্যালয়ৰ ফটো কেই খন আৰু ভিডিঅ’টো আপলোড কৰাৰ পিছতে ভাইৰেল হৈ পৰিছিল৷ আছুক কাঠঘৰাত থিয় হ’ব লগা হৈছিল৷ অৱশেষত উক্ত লোকগৰাকীক তথা শিক্ষকগৰাকীক বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলন্বন কৰে৷

এই কথা খোদ প্ৰকাশ কৰিছে শিক্ষকগৰাকীয়ে৷ প্ৰায় তনিনিমাহৰ অন্তত লোকগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে৷ ফেচবুকত চাৰিজন মানুহৰ নাম লিখি ৰঙাঘৰৰ আলহী হোৱাৰ লগতে চাকৰিৰ পৰা নিলম্বন হ’ব লগা হোৱা লোকগৰাকী হ’ল মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত জ্ঞানেন চক্ৰবৰ্তী৷ তেও নলবাৰী জিলাৰ ৰাইটকুছি মজলীয়া বিদ্যালয়ৰ শিক্ষক৷ নলবাৰী চহৰৰ সমীপৰ বৰবৰীত ঘৰ যদিও জ্ঞানেন চক্ৰবৰ্তী নলবাৰী চহৰত ভাড়াতীয়া হিচাপে থাকে৷ সততে চৰকাৰৰ জনবিৰোধি নীতিৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত সৰৱ হৈ থকা লোকগৰাকীয়ে আক্ৰোসৰ বলি হৈ জেলত যাব লগা হোৱাৰ লগতে চাকৰিৰ পৰা নিলম্বন হ’ব লগা হয়৷ যোৱা ১৬ ছেপ্তেম্বৰত প্ৰভাৱশালী চাৰিগৰাকী লোকৰ নামৰ সৈতে লোকগৰাকীয়ে আপলোড কৰিছিল এখন ফটো আৰু ভিডিঅ’৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0