58
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ লগাত এজন লোকে অকাল মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, AS01-FC-8901 নম্বৰৰ এখন ট্ৰেভেলাৰ আৰু AS01-BC-6345 এখন ট্ৰাক মুখামুখি সংঘৰ্ষ লাগে৷
ফলত নগাঁও চহৰৰ এডিপি ৰোডৰ ঋষভ দাস নামৰ এজন লোকৰ মৃত্যু হয়৷ পথ দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ট্ৰেভেলাৰৰ ১৬ জন যাত্ৰী গুৰুতৰ ভাৱে আহত হয়।