গোৰশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰস্থিত বন্ধন বেংকৰ গোৰেশ্বৰ শাখাত আজি গ্ৰাহকক ঋণ নিদিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে আজি কেবাদিনো ধৰি বেংকটোৰ মেনেজাৰে কৰি অহা সাম্প্ৰদায়িক মন্তব্যৰ পৰিপ্রেক্ষিতত গোৰেশ্বৰ ভোগপুৰ গাঁৱৰ শতাধিক মহিলাই বেংকটো ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
অভিযোগ মতে ভোগপুৰ গাঁৱৰ কেবাগৰাকীও মহিলাই যোৱা কেবামাহ ধৰি ঋণৰ বাবে আবেদন কৰিছিল যদিও সংখ্যালঘু সম্প্রদায়ৰ বিশেষকৈ মুছলমান হোৱা বাবে বাৰে বাৰে বেংক কৰ্তৃপক্ষই বিভিন্ন নথি বিচাৰি হাৰাশাস্তি কৰে। আনকি বেংক কৰ্তৃপক্ষই গ্ৰাহকসকলৰ ভোটাৰ ফটো পৰিচয় পত্ৰত গ্ৰাহকৰ অন্য ফটো লগাই নথি প্ৰস্তুত কৰিছিল।