102
ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফু চিভিল হাস্পাতালত চিকিৎসাধীন অৱস্থাত নলবাৰীৰ এজন ৪২ বছৰীয়া এজন লোকৰ মৃত্যু হয়৷ যোৱা ৩১ ডিচেম্বৰত লোকজনে ডিফু চহৰৰ ছাৰ্থে কল’নি এলেকাত পৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷
১০৮ এম্বুলেঞ্চ যোগে লোকজনক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল৷ মঙলবাৰে সন্ধিয়া ৬-৪৫ বজাত লোকজন চিকিৎসাধীন অৱস্থাত ডিফু চিভিল হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বুলি চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক জানিবলৈ দিয়ে৷