কলকাতাঃ পশ্চিম বংগৰ বাতৰি কাকতত অসমৰ এনআৰচিৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ NRCক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মন্তব্য কৰাৰ পিছতে বৃহস্পতিবাৰে পশ্চিম বংগৰ প্ৰতিখন কাকতত বৰ বৰ হৰফেৰে অসমৰ এনআৰচি তথা মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত বিশেষ গুৰুত্ব দি কাকত সমূহে বাতৰি প্ৰকাশ কৰে৷ মমতা বেনাৰ্জীয়ে ১ কোটি ৩০ লাখ বাঙালীক অসমৰ পৰা খেদাৰ চক্ৰান্ত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি এখন সভাত প্ৰকাশ কৰাৰ পিছতে অসমত মমতাৰ মন্তব্যক দায়িত্বহীন মন্তব্য বুলি কব খোজে একাংশ লোকে।
বিদেশী চিনাক্তকৰণৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত চলি থকা NRC উন্নীতকৰণ প্ৰক্ৰিয়াক বিজেপিৰ বাংলাভাষী খেদাৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰাত মমতা বেনাৰ্জীৰ মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এজন বাংলাভাষী যদি অসমৰ পৰা খেদা হয় তেন্তে তাৰ মূল্য ভৰিব লাগিব বিজেপিয়ে৷ অসমৰ বিজেপি চৰকাৰে জুইৰ সৈতে যাতে খেলা নকৰে৷ এই খন দেশ সকলোৰে৷