71
শ্ৰীলংকাঃ শ্ৰীলংকাৰ তামিল বিদ্ৰোহী সংগঠন এলটিটিইৰ প্ৰাক্তন সদস্যই মন মেলিছে ৰাজনীতিৰ। মূলধাৰাৰ ৰাজনৈতিক দলসমূহে সততে জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা পুৰণ কৰাত সততাৰ অভাৱ দেখুৱাই অহাৰ অভিযোগ কৰি সেই অভাৱ পুৰণ কৰাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত একগোট হৈ ভৰি থৈছে সংগঠনটোৰ ভালেকেইজন প্ৰাক্তন সদস্যই।
শ্ৰীলংকাৰ পূৰ্বাঞ্চলৰ উপকূলীয় জিলা ত্ৰিংকোমালীত গঠিত ৰাজনৈতিক দলটোৰ নাম হৈছে ‘ৰিহেবিলিটেটেড ইউনাইটেড লিবাৰেশ্যন টাইগাৰ্চ ফ্ৰণ্ট’।