ৱাশ্বিংটনঃ কেতিয়াবা যদি সন্ত্ৰাসবাদ দমন কৰিব নোৱাৰাৰ বাবে অপবাদ, কেতিয়াবা আকৌ চৰকাৰী নথি-পত্ৰ চুৰ চুৰ কৰাৰ অভিযোগ। মুঠৰ ওপৰত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পিছ এৰা নাই নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে ফোন টেপিঙৰ।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ড’নাল্ড ট্ৰাম্পৰ ফোনকলবোৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ওবামাই ৰেকৰ্ড কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটাৰযোগে এই অভিযোগ উত্থাপন কৰিছে যদিও এইক্ষেত্ৰত কোনোধৰণৰ প্ৰমাণৰ ইংগিত দিয়া নাই।