নাওবৈচাঃ প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ পকীকৰণ আঁচনিৰ অধীনত নিৰ্মীয়মাণ পথসমূহৰ বাবে আবণ্টিত পুঁজি মোকলাই দিয়াৰ পিছতো লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত নিৰ্মীয়মাণ পথৰ একাংশ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰৰ মইমতালিৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
লখিমপুৰৰ গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মীয়মাণ প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ পকীকৰণ আঁচনিৰ দ্বাৰা অনুমোদিত নাওবৈচা বিধানসভা সমষ্টিৰ কঁঠালপুখুৰী-ৰাণাবাৰী সোণাপুৰ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ কঁঠালপুখুৰী-ৰাণাবাৰী সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবে ২০১৫-১৬ চনত প্ৰায় ২ কোটি ৭৪ লাখ টকা অনুমোদন হয়।