নগাঁওঃ জকাইচুকত ভোগালীৰ সকলো যেন ব্যস্ততা৷ গাঁৱৰ পথাৰত সাজু ভেলাঘৰ৷ অপায়, অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত ভাবে ভোগালী বিহুৰ বাবে সাজু প্ৰতিখন গাঁও৷ পিঠা-পনা, জলপানৰ সামগ্ৰীও সাজু কৰিলে গৃহিনীয়ে৷ এতিয়া ভোগালীৰ ভোগ উৰুকাৰ নিশা এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত অসমীয়া৷ পিছপৰি থকা নাই তেজপুৰৰ বিভিন্ন ঠাই৷
ভোগৰ উৎসৱ ভোগালী বিহুক লৈ ব্যস্ত সকলো৷ যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰি পালন কৰি অহা ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ নিশাটো শনিবাৰে ৰাজ্যৰ সৰ্বত্ৰে পালন কৰিব ৰাইজে৷ সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাতো ৰাইজে পাৰ হৈ যোৱা দিনবোৰৰ সকলো দুখ-বেদনা মনৰ পৰা আঁতৰ কৰি সামৰ্থ অনুযায়ী উৰুকা পালনৰ বাবে সাজু হৈছে ৷