তুলসীবাৰীঃ শনিবাৰে নিশা স্ফূৰ্তিৰে এসাজ লগে ভাগে খালে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ লোকে৷ তাৰ পিছতে দেওবাৰে কাহিলী পুৱাই মেজিৰ উম লৈ অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰি কনিষ্ঠই ললে জ্যেষ্ঠজনৰ সেৱা৷ ঘৰে ঘৰে গৈ ইজনে-সিজনক যাচিলে ভোগালী বিহুৰ শুভেচ্ছা। ৰাইজে উলাহ-মালহেৰে ওলাই আহি জ্বলালে মেজি৷ সময়ৰ মাপকাঠিৰে অসমীয়া জনজীৱনৰ বহু হেঁপাহৰ মাঘ বিহু উৎসাহ-উদ্দীপনাৰে সৰ্বত্ৰে পালন কৰা দেখা গ’ল৷
কৃষিজীৱি প্ৰতিগৰাকী চহা কপালৰ ঘাম-মাটিত পেলাই কৃষি তথা গ্ৰাম্য জীৱন পৰিক্ৰমাৰ সৈতে নিবিড় সম্পৰ্ক জড়িত হৈ থকা লোকসকলে মাদকতা ললে ভৰপূৰ৷ এই উৎসৱে প্ৰতিজন অসমীয়াৰ মন-প্ৰাণ ৰঙীয়াল কৰি তুলিলে৷ ৰাজ্য খনৰ লাখ লাখ লোকে স্ফূৰ্তিৰে পালন কৰা দেখা যায় ৰাজ্যবাসীক৷ কিন্তু ৰাজ্য খনৰ এখন ঠাইৰ শ-শ লোকে যোৱা ২০ বছৰে মাঘ বিহু পালন কৰা নাই৷ যোৱা ২০ বছৰে উৰুকাৰ নিশা ভোজ-ভাত খোৱা নাই অঞ্চলটোৰ লোকে৷ কিয়নো আজিৰ পৰা ২০ বছৰ পূৰ্বে উৰুকাৰ নিশা ১৭গৰাকী লোকক হত্যা কৰিছিল দুৰ্বৃত্তই৷