68
ডিজিটেল ডেস্কঃ ন্যায়াধীশ বৃজ গোপাল হৰকিষণ লয়াৰ মৃত্যুক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি ক্ৰমান্বয়ে গৰম হৈ অহাৰ সময়তে ঘটনাই দেওবাৰে নতুন মোৰ লয়৷ বৃজ গোপাল হৰকিষণ লয়া পুত্ৰই পিতৃৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আৰু সকলো বিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনায়৷ ন্যায়াধীশ লয়াই দুগৰাকী ন্যায়াধীশৰ সৈতে লগ লাগি ২০১৪ চনৰ ১ ডিচেম্বৰত এগৰাকী সহকৰ্মীৰ কন্যাৰ বিয়া খাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল৷
