ৰঙিয়াঃ পূৱ ৰঙিয়া প্ৰগতি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পূৱ ৰঙিয়া জগদ্ধাত্ৰী প্ৰগতি ময়দানত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱস অনুষ্ঠিত হয়৷ মহলবাৰে পুৱাই শিল্পী দিৱসৰ লগতে সোণালী জয়ন্তী মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়৷ ১৯৬৭ চনত মহোহো উৎসৱ পালনেৰে পূৱ ৰঙিয়া প্ৰগতি সংঘই গজালি মেলি আজি ৫০ বছৰ অতিক্ৰম কৰিলে৷
সাহিত্য, সংগীত, নাট্যকলা আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত পূৱ ৰঙিয়া প্ৰগতি সংঘই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ ৰঙিয়াৰ বৌদ্ধিক চিন্তা চেতনাৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিস্তৃত কাৰ্যসূচী হাতত লোৱা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে পুৱা প্ৰভাত ফেৰীৰ পিছতে পুৱা ৯-৩০ বজাত বিধায়ক তথা সোণালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ভৱেশ কলিতাই সংঘৰ সোণালী জয়ন্তী মহোৎসৱৰ পতাকা উত্তোলন কৰে৷