আছুৰ মিথ্যাচাৰ, সম্পাদক লুৰীণে উদ্ধোধন কৰা ‘জ্যোতি উদ্যান’ত গৰু-ছাগলীৰ মুক্ত...

Home ৰাজ্যআছুৰ মিথ্যাচাৰ, সম্পাদক লুৰীণে উদ্ধোধন কৰা ‘জ্যোতি উদ্যান’ত গৰু-ছাগলীৰ মুক্ত বিচৰণ

আছুৰ মিথ্যাচাৰ, সম্পাদক লুৰীণে উদ্ধোধন কৰা ‘জ্যোতি উদ্যান’ত গৰু-ছাগলীৰ মুক্ত বিচৰণ

by News Desk
85 views
A+A-
Reset

ডিব্ৰুগড়ঃ বুধবাৰে অসমীয়া ভাষা সাহিত্য, নাটক, বোলছবিৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যবাসীয়ে স্মৰণ কৰে৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোৱালি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যৰ শ্ৰদ্ধাঞ্জলি যাচে৷ ৰাজ্যখনৰ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাক সশ্ৰদ্ধ প্ৰণিপাত জনায়৷

আনহাতে জ্যোতিবন্দনাৰে মুখৰিত হয় তেজপুৰ চহৰ। জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰোৱাস্থিত সমাধিত পুৱাৰে পৰা শিল্পী গৰাকীৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ৰাজ্যবাসীয়ে কাণ্ডাৰিগৰাকীক স্মৰণ কৰাৰ সময়তে এখন প্ৰতিচ্ছবিয়ে এটি জাতীয় সংগঠনৰ প্ৰতিশ্ৰতিক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ডিব্ৰুগড় জিলাৰ বৰপথাৰত ‘জ্যোতি উদ্যান’ নামেৰে আছে কাণ্ডাৰিগৰাকীৰ নামত এখন উদ্যান৷ মন্ত্ৰী, বিধায়ক, জাতীয় দল-সংগঠনৰ নেতাই ডিঙিত গামোছা লৈ ভাষা, সাহিত্য ৰক্ষা, পূৰ্বপুৰুষৰ স্মৃতি ৰক্ষাৰ নামত বৰ বৰ ভাষণ ৰাখে যদিও অৱহেলিত হৈ থাকিল ‘জ্যোতি উদ্যান’৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0