নামতিঃ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই-আহোম জনগোষ্ঠীয়ে পালন কৰি আহিছে মে-ডাম-মে-ফি উৎসৱ৷ টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উত্সৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷
বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷ প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় মে-ডাম-মে-ফি৷ ৰাইজ একত্ৰিত হৈ এখন আঠচুকীয়া অৰ্থাৎ অস্থায়ী মন্দিৰ সাজি আঠখন মেহেঙা তথা শৰাই স্থাপন কৰি আদি পিতা লেংডন দেৱতাকে ধৰি সকলোৰ বাবে উপাসনা কৰে৷