82
আজি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ যিটো বিষয়ে প্ৰায়বিলাক মহিলাই কবলৈ বা চিকিৎসকৰ ওচৰ চাপিবলৈ সংকোচবোধ কৰে ৷
এগৰাকী নাৰীৰ প্ৰাপ্তবয়স্ক হোৱাৰ পৰা ৰজোনিবৃ্তি (মেন’পজ) হোৱালৈকে কম-বেচি পৰিমাণে যোনিৰ ৰস নিৰ্গত হয় ৷ কিন্তু তেনে হোৱাটো কেতিয়া স্বাভাৱিক ?আৰু কেতিয়া বিসংগতিপূৰ্ণ? (Pathological) সেয়া জনাৰ একান্ত আৱশ্যকতা আছে ৷