Home গুৱাহাটীঅহা ১০ ফেব্ৰুৱাৰীত newsnextone.comৰ প্ৰথম প্ৰতিষ্ঠা দিৱস

অহা ১০ ফেব্ৰুৱাৰীত newsnextone.comৰ প্ৰথম প্ৰতিষ্ঠা দিৱস

by News Desk
70 views
A+A-
Reset

গুৱাহাটীঃ newsnextone.comৰ প্ৰতিষ্ঠাৰ এবছৰ সম্পূৰ্ণ হ’ব অহা ২৯ জানুৱাৰীত৷ অসমত সুস্থ সাংবাদিকতাৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াসেৰে যোৱা ২০১৭ বৰ্ষত আৰম্ভ হৈছিল অসমৰ প্ৰথমতো অনলাইন নিউজ পৰ্টেল newsnextone.comৰ যাত্ৰা৷ চাওঁতে চাওঁতে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে এবছৰ সম্পূৰ্ণ কৰিলে অসমৰ প্ৰথমটো সম্পূৰ্ণ মুক্ত বাতৰিৰ নিউজ পৰ্টেল newsnextone.com-এ৷ ৰাজ্য খনত গতানুগতিক সাংবাদিকতাৰ ধাৰাক সলনি কৰি সংবাদ মাধ্যমৰ সৈতে সকলো প্ৰকাৰৰ লোকক জড়িত কৰাৰ এক প্ৰয়াস চলাই এবছৰ সম্পূৰ্ণ কৰিলে newsnextone.com-এ৷

গাঁৱৰ সমস্যা, মহিলাৰ সমস্যা, শিশু, সাধাৰণ মানুহৰ কথা, দুৰ্নীতি, ভ্ৰষ্টচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চেষ্টা চলাই গৈছে নিউজ পৰ্টেলটোৱে৷ চৰকাৰৰ জনবিৰোধী নীতি, দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকৰ ন্যায়ৰ হকে জনমত গঠনৰ বাবে চেষ্টা চলাই গৈছে নিউজ পৰ্টেলটোৱে৷ বৰ্তমানৰ সাংবাদ প্ৰতিষ্ঠান সমূহৰ একাংশ পূঁজিপতি, ৰাজনৈতিক দলৰ নেতাৰ হাতৰ পুতলা সদৃশ হৈ পৰাৰ সময়তে ৱেব মিডিয়াৰ ধাৰণাই বিশ্বত সাংবাদিকতাৰ ধাৰণা সলনি কৰিছে৷ চৰকাৰী পক্ষ আৰু পূঁজিপতিৰ হাতৰ পৰা সংবাদমাধ্যমক পুনৰ ৰাইজৰ ওচৰলৈ অনাৰ বাবে ৱেব মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0