গুৱাহাটীঃ ভাষণ মাজতে চকুলো টুকিলে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷ প্ৰায় চাৰি বছৰ পূৰ্বে বিটিএডিৰ বিভিন্ন ঠাইত উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনা কৰি শিশু-মহিলা হত্যা কৰাৰ ভয়াবহ ছবি খন বৰ্ণনা কৰিবলৈ গৈ ভয়লগা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি বন মন্ত্ৰীগৰাকীয়ে চকুলো টুকি আবেগিক হৈ পৰে৷ বিটিএডিত উগ্ৰপন্থীয়ে নিৰীহক হত্যা কৰাৰ কথা স্মৰণ কৰি ফেঁকুৰি উঠে প্ৰমিলাই৷ বি টি এ ডিত বহু নিৰীহ লোকে প্ৰাণ দিব লগা হৈছে। বহু শিশু অনাথ হৈছে।
মাতৃৰ কোলাত গাখীৰ খাই থকা অৱস্থাত উগ্ৰপন্থীয়ে মাতৃক হত্যা কৰিছে। এনে শিশু সকলক অনাথ আশ্ৰমত ৰাখি এটা নতুন জীৱন দিয়াৰ চেষ্টা কৰিছো বুলি কৈ মন্ত্ৰীগৰাকীয়ে চকুলো টুকে। দেওবাৰে গুৱাহাটী মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অল আছাম জাৰ্নেলিষ্ট এছ’চিয়েছনৰ উদ্যোগত অনুষ্ঠিত এখন বিশেষ সম্বৰ্ধনা সভাত অংশ লৈ আবেগিক হৈ পৰে বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই৷ চকুলো টুকি ভাষণ সমাপ্ত কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষই।