লালুকঃ মানুহে এতিয়া জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ ঘৰৰ পৰা পৰিয়ালৰ সদস্য এগৰাকী ওলাই যোৱাৰ পিছত পৰিয়ালৰ লোকসকলে চিন্তাত দিনটো পৰা কৰিব লগা হয়৷ পৰিয়ালৰ সদস্যগৰাকী ঘৰলৈ সময়মতে আহিব নে নাই তাৰ চিন্তাত দিন পৰা কৰিব লগা হয়৷
এতিয়া কোনে কাৰ আক্ৰোশৰ বলি হয় প্ৰাণ হেৰুৱাব লগা হয় তাৰ ঠিক নাই৷ লখিমপুৰৰ এটি পৰিয়ালে এতিয়া তেনেদৰেই দিন পাৰ কৰিব লগা হৈছে৷ লখিমপুৰ জিলাৰ লালুকৰ এগৰাকী বোৱাৰী যোৱা ৩০ ঘন্টা ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷