59
কাজিৰঙাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিবেশন এইবেলি গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’ব৷ পণ্ডিত ৰায়বাহাদুৰ গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত তথা দাধৰা আহোম পথাৰত ৰাজ্য খনৰ লাখ লাখ বাপ-বান্ধৱ, ভকত-বৈষ্ণৱৰ উপস্থিতিত আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হ’ব দেৰগাঁৱত৷ ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে সমগ্ৰ পৰিৱেশ জীপাল হৈ পৰিব৷
