খেৰণিঃ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ডিমা হাচাওৰ জনপ্ৰিয় নেতা গোবিন্দ চন্দ্ৰ লাংথাছাৰ আকস্মিক মৃত্যুক শোকাকুল পৰিবেশে বিৰাজ কৰে ডিমা হাচাও জিলাত৷ শুকুৰবাৰে নিশা প্ৰায় ১ বজাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ৮৬ বছৰ বয়সত মৃত্যুক আকোৱালি লয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ তেওৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে পাহাৰীয়া জিলাখনত গভীৰ শোকৰ ছাঁ পৰে৷
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাৰ লগতে পৰিষদখনৰ প্ৰতিগৰাকী সদস্য, কংগ্ৰেছৰ নেতা-কৰ্মী, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি জ্যেষ্ঠ নেতাগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সমগ্ৰ জিলাখনৰ ৰাইজ তথা তেওঁৰ অনুগামীয়ে পাহাৰীয়া জিলাখনে এগৰাকী দক্ষতাপূৰ্ণ জ্যেষ্ঠ নেতাক হেৰুওৱা বুলি কৈ মৰ্মাহত হৈ পৰে।