ৰঙিয়াঃ এতিয়া সন্ত্ৰাসৰ আন এটা নাম হ’ল ডাম্পাৰ৷ ৰাজ পথত চলা ডাম্পাৰে হঠাৎ কাঢ়ি নিব পাৰে একো একোটা প্ৰাণ৷ গুৱাহাটী মহানগৰীত মহিলা সাংবাদিকৰ প্ৰাণ লোৱাৰ পৰা আৰম্ভ কৰি ৰাজ্যত অলেখ মানুহৰ প্ৰাণ লৈছে ডাম্পাৰে৷ ডাম্পাৰৰ অতপালিয়ে নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ৷ ৰাজপথত এতিয়া মানুহ ওলাবলৈ ভয় কৰা হৈছে ডাম্পাৰৰ বাবে৷ গুৰু গোঁসাই নমনা ডাম্পাৰৰ চালকে যিকোনো মুহূৰ্তত প্ৰাণ লব পাৰে মানুহৰ৷ ৰাজপথত এতিয়া ডাম্পাৰৰ বাবে মৃত্যুৰ কিৰিলি শুনা যায়৷
৩০ জানুৱাৰীৰ নিশা কামৰূপৰ ৰঙিয়াত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈছিল মানস প্ৰতীম ডেকা নামৰ এগৰাকী যুৱক। ৰঙিয়াত আৰক্ষীয়ে ট্ৰাক-ডাম্পাৰক নাকী লগাব নোৱাৰাৰ ফলতেই এনে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। যোৱা ১ ফেব্ৰুৱাৰীত এহাল দম্পত্তৰি প্ৰাণ লৈছিল ডাম্পাৰে৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অধিবক্তা তথা বিশিষ্ট ব্যৱসায়ী টুৱা নাথ উপাধ্যায় দাহাল আৰু পত্নী মিনতি দাস উপাধ্যায়ৰ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আকোৱালি লব লগা হৈছিল ডাম্পাৰৰ বাবে৷