ডিজিটেল ডেস্কঃ মেঘালয় বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰোমাঞ্চক হৈ উঠিছে টিকট প্ৰত্যাশীয়ে টিকট লাভ নকৰাৰ ক্ষোভৰ ছবিখন৷ যোৱা শুকুৰবাৰে বিজেপিয়ে মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে ৪৫ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছত একাংশ বিজেপি নেতাই বিসম্বাদ কৰিবলৈ আৰম্ভ কৰা দেখা যায়৷
কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা এএল হেক আৰু চংবুৰ চুল্লই শুকুৰবাৰে প্ৰাৰ্থীৰ প্ৰথমনখন তালিকা ঘোষণা কৰাৰ পিছতেই ৰাজ্যিক বিজেপিৰ অধ্যক্ষ শিবুন লিংডোৰ ভগ্নী ৱায়লেট লিংডোৱে নিজৰ নাম প্ৰাৰ্থী তালিকাত নথকাত অসন্তুষ্ট হৈ বিজেপি ত্যাগ কৰা বুলি জানিব পৰা গৈছে৷ তেওঁ নেচনেল পিপলচ পাৰ্টি চমুকৈ এনপিপিৰ যোগদান কৰে৷