ওদালগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰৰ সংকটজনক অৱস্থাই চিন্তিত কৰিছে এটি অঞ্চলক৷ অমায়িক, নিৰ্জু সকলোৰে আপোন যুৱকজনে হঠাৎ ৰোগত আক্ৰান্ত হৈ জীৱনটোৰ সৈতে যুদ্ধ কৰিব লগা হৈছে৷ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰজনৰ পৰিয়ালে অৰ্থৰ অভাৱত চিকিৎসা কৰাত ব্যাপক সমস্যাত পৰিছে৷
ওদালগুৰি জিলাৰ ওদালগুৰিৰ নিজৰাপাৰাৰ কৌশিক কাশ্যপ (১৮) নামৰ ছাত্ৰজনে গুৱাহাটী মহানগৰীৰ এআইএমটিৰ স্নাতকৰ ছাত্ৰ। সুশীল দে আৰু চম্পা দেৰ পুত্ৰ কৌশিকৰ দেহত ১৩ জানুৱাৰীত জিবিএছ ভাইৰাচৰ উপস্থিতি ধৰা পৰে।