চামগুৰিঃ সোমবাৰে বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যক প্ৰদান কৰে চম্পাৱতী বঁটা৷ নগাঁও জিলাৰ বিশিষ্ট নাগৰিকৰ উপস্থিতিত চম্পাৱতী বঁটাৰ প্ৰকাশ কৰে বাবে বিশিষ্ট লেখিকাগৰাকীক৷ লেখিকাগৰাকীক সাহিত্যৰ অমূল্য সৃষ্টিৰ বাবে এই বঁটা প্ৰদান কৰে চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই। সোমবাৰে এই বঁটা গ্ৰহণ কৰি মানুহে সপোন দেখিবলৈ শুব লাগে বুলি কয়।
মানুহে সপোন বিঘ্নিত কৰিবলৈহে শুব লাগে৷ মানুহে আজিৰ দিনটোত কাইলৈ কৰিব লগা কামৰ পৰিকল্পনা সৃষ্টি কৰিব লাগে৷ ইমানে নহয় প্ৰতিথযশা সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই বুৰঞ্জীয়ে আমাক বহু কথা কৈ যায় বুলি কয়। কিন্তু বুৰঞ্জী পুথিভঁৰালত ৰৈ যায়। চাপানালা সন্দৰ্ভত সাহিত্যিকগৰাকীয়ে কয়, চাপানালাৰ চম্পাৱতী জলপ্ৰপাত বনভোজস্থলী নহৈ এক আটকধুনীয়া পৰ্যটন ক্ষেত্ৰ হ’ব লাগে বুলি উল্লেখ কৰে।