খেৰণিঃ কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা, হামৰেন, ৰংখাং আৰু দুৱাৰ আমলা পৰিষদীয় সমষ্টিত সোমবাৰে কেইবাটাও আচঁনিৰ আধাৰশিলা স্থাপন আৰু আঁচনিৰ উদ্ধোধন কৰে। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকীয়ালফুকণ, পৰিষদৰ সদস্য ক্ৰমে মংগলছিং তিমুং, প্ৰভাত টাৰ’, পৰিষদীয় বিথুং ৰেংথেমা সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি কেইবাগাৰকী বিষয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বেয়েও দুইখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আধাৰ শিলা স্থাপন কৰি সৰ্বাংগীন উন্নয়ন সাধন কৰাই একমাত্ৰ মোৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰে৷ দিনটোত বিশেষকৈ তুমপ্ৰেঙত ভূমি সংৰক্ষণ বিভাগৰ অধিনত পানী সংৰক্ষণ প্ৰকল্পৰ আধাৰশিলা স্থাপন, ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এনুৱেল একচন প্লেনৰ অধীনত ছাৰ-ছেনত গড়কাপ্তানী পথৰ পৰা চজং সংযোগী পকী পথ নিৰ্মাণৰ আধাৰশিলা, সমান্তৰালকৈ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এনুৱেল একচন প্লেনৰ অধীনতে ছাৰ-ছেনত খেলপথাৰ উন্নয়ন আৰু মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বেয়ে।