গুৱাহাটীঃ মঙলবাৰৰ পৰা ৩১ দিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিবেশন৷ ৩১ দিন চলিবলগীয়া তথা অহা ৬ এপ্ৰিললৈ চলিব এই অধিবেশন৷ বাজেট অধিবেশনৰ প্ৰথম দিনটোত মঙলবাৰৰ পুৱা ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে আৰম্ভ হৈছিল যদিও বিৰোধিৰ হৈ-হাল্লাৰ বাবে ভাষণ আধাতে সামৰিব লগা হয় ৰাজ্যপালগৰাকীয়ে৷
বিৰোধি কংগ্ৰেছৰ বিধায়সকলে ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ পিছতে ৰাজ্যপালে ভাষণ দি থকা ঠাইলৈ গৈ প্লেকাৰ্ড প্ৰদৰ্শন কৰে৷ আইন শৃংখলা বৰ্ত্তাই ৰখাত ৰাজ্য চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি বিৰোধিয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷