নগাঁওঃ ৰঙৰ উৎসৱ ফাকুৱাক লৈ সৰ্বত্ৰে চলিছে ব্যাপক প্ৰস্তুতি৷ সৰু-ডাঙৰ সকলোয়ে উৎসৱ পালনৰ হেতু গভীৰ আগ্ৰহেৰে বাট চাই থকাৰ বিপৰীতে নানা প্ৰকাৰৰ ৰং-বিৰঙৰ আবিৰেৰে ভৰি পৰিছে বজাৰ৷ ইয়াৰ সমান্তৰালকৈ হৰেক ৰকমৰ ফিচকাৰি, ৰংচঙীয়া মুখা, টুপি আদি সামগ্ৰীবোৰো উপচি পৰিছে বিপণীবোৰত ৷
কিন্তু ইয়াৰ অচিলা লৈ নগাঁও জিলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ৰাইজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সস্তীয়া ফাকুগুড়ি বজাৰত মেলি দিছে বিক্ৰীৰ বাবে ৷ যিবোৰ ফাকুগুড়িৰ পেকেটত কোনো দাম লিপিবদ্ধ হৈ নাথাকে আৰু বজাৰত ইয়াৰ দামৰ যথেষ্ট তাৰতম্য দেখা যায় ৷ ফলত ফাকুৰ গুড়িৰ দৰে বিভিন্ন ৰঙৰ বটল কিম্বা ফিচকাৰি আদিত কোনো দাম উল্লেখ নথকাত বিক্ৰেতাই ইচ্ছামতে যি দাম লয় সেয়াই একপ্ৰকাৰে মূল দাম হৈ পৰে ৷