গোৰেশ্বৰঃ নাৰী সৱলীকৰণৰ কথাতো দুৰেই, জীৱন যাপনৰ নুন্যতম সা-সুবিধা আৰু চিকিৎসাৰ অভাৱত ৰাস্তাত জীৱন কটাবলৈ বাধ্য হৈছে বাগসাৰ গোৰেশ্বৰৰ এগৰাকী যুৱতীয়ে। মানসিক বিকাৰগ্ৰস্ত ৩০-৩৫ বছৰীয়া এই যুৱতীগৰাকীৰ ঘৰ গোৰেশ্বৰ অঞ্চলৰ হালংবাৰীত। মানসিক ভাৰসাম্যতা হেৰুওৱা যুৱতীগৰাকীলৈ আজিও কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নোহোৱাত দিনক দিনে বেয়ালৈ ঢাল খাইছে যুৱতীগৰাকীৰ স্বাস্থ্য।
সমাজ কল্যাণ বিভাগে বছৰি মোটা অংকৰ ধন এনে অঘৰী বা মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ কল্যাণৰ ক্ষেত্ৰত খৰচ কৰাটো দেখুৱাই যদিও প্ৰকৃতার্থত কিমানে এনে আচঁনিৰ সুফল লাভ কৰিছে সেয়া লক্ষণীয়। গোৰেশ্বৰৰ দৰে এখন সৰু চহৰত জনচক্ষুৰ সম্মুখতে প্ৰায় তিনিগৰাকী অঘৰী লোকে জীৱন অতিবাহিত কৰাৰ পিছতো কোনো স্বেচ্ছাসেৱী অনুষ্ঠানে বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। আনকি এই বিষয়ে গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক লিখিতভাৱে জনোৱাৰ পিছতো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে।