বৰপথাৰঃ ন’ ন’ আঁচনি ৰূপায়ণৰ জৰিয়তে, নতুন নতুন পদক্ষেপ গ্ৰহণেৰে ৰাজ্য চৰকাৰে যিমানেই শিক্ষাৰ ক্ষেত্ৰখনত উত্তৰণ ঘটাব বিচাৰিছে, সিমানেই কঠোৰ হৈ পৰিছে শিক্ষক-কৰ্মচাৰীসকলৰ নীতি-নিয়মসমূহ৷ দেশৰ শিক্ষা বিভাগে বৰ্তমান শিক্ষকতা বৃত্তিটোত জড়িত হ’ব পৰাকৈ ডিগ্ৰী-ডিপ্ল’মা অনিবাৰ্য্য কৰিছে৷ যাৰ পৰিপেক্ষিতত পূৰ্বৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও পুনৰ গ্ৰহণ কৰিবলগীয়া হৈছে শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ অৰ্হতা৷
এই অৰ্হতা ল’বলৈ যাওঁতে শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ এক নিৰ্দেশনা অনুসৰি দেশৰ অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী সকলক শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰম (ডি,এল,এড) অৰ্হতা অহা দুটা বছৰৰ ভিতৰত সম্পন্ন কৰিবৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে আহ্বান জনায়৷