চাবুৱাঃ একোগৰাকী শিক্ষকৰ জীৱন পৰিক্ৰমাই মানুহক অনুপ্ৰাণিত কৰে৷ এগৰাকী শিক্ষকৰ পৰা লাভ কৰা অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল হ’বলৈ বাধ্য কৰে৷ এগৰাকী লোকক জীৱনৰ আদি পাঠ শিক্ষকেই দিয়ে৷ বুৰঞ্জী আৰু মানৱ সভ্যতাৰ সাঁকো স্বৰূপ শিক্ষকসকল৷ শিক্ষকৰ আদৰ তাহানিও আছিল আজিও আছে৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ আদৰৰ কথা বৰ্ণনা কৰিব নোৱাৰি৷ শিক্ষকক মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা হয়৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ একো একোজন কেতিয়াবা নায়ক হৈ পৰে৷ মহান কৰ্মৰাজিৰ বাবে নায়ক হৈ পৰা এগৰাকী শিক্ষক হ’ল উলেশ্বৰ ফুকন।
ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শিক্ষক উলেশ্বৰ ফুকনে অৱসৰ গ্ৰহণ কৰাৰ পিছতে আজিও নিতৌ বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি ৰাইজৰ বাবে নায়ক হৈ পৰে৷ চাবুৱা অঞ্চলৰ আগশাৰীৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰাৰ ঘটনাই অঞ্চলটোৰ শিক্ষক-অভিভাৱক তথা দল-সংগঠনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষকগৰাকীয়ে৷ উল্লেখ্য যে ১৯৭৬ চনতেই শিক্ষকতাৰ চাকৰি লাভ কৰি প্ৰথম অৱস্থাত গন্ধগুৰি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি আছিল যদিও ১৯৮৬ চনৰ জুন মাহত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলি কৰিছিল।